June 20, 2024 12:03 PM

views 15

শ্ৰীলংকাৰ চৰকাৰী ভ্ৰমণৰ অংশ হিচাপে বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আজি কলম্বোত উপস্থিত হ’ব

বিদেশ মন্ত্রী ড° এছ জয়শংকৰ শ্ৰীলংকাৰ চৰকাৰী ভ্ৰমণৰ অংশ হিচাপে আজি কলম্বোত উপস্থিত হ'ব। ভ্রমণকালত ড০ জয়শংকৰ শ্ৰীলংকাৰ নেতৃবৰ্গৰ সৈতে দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত বিভিন্ন বিষয় লৈ বৈঠকত মিলিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত নতুন চৰকাৰ গঠনৰ পাছত এয়া হ'ল বিদেশ মন্ত্ৰীগৰাকীৰ প্ৰথমটো দ্বিপাক্ষিক ভ্রমণ। এই ভ্রমণে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিক পুনৰ প্ৰকাশ কৰাৰ উপৰি ঘনিষ্ঠ সামুদ্রিক প্রতিবেশী আৰু বন্ধুৰাষ্ট্ৰ হিচাপে শ্ৰীলংকাৰ প্ৰতি দেশৰ অবিৰত দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। বিদেশ মন্ত্ৰীগৰাকীৰ ...