February 15, 2025 11:33 AM February 15, 2025 11:33 AM

views 4

ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰে এছ জয়শংককৰৰ দ্বিপাক্ষিক বার্তালাপৰ সম্ভাৱনা

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে মাস্কটত ১৬ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া দুদিনীয়া ভাৰত মহাসাগৰ সন্মিলনৰ সময়ত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ উপদেষ্টা মহম্মদ চৌহিদ হুছেইনৰ সৈতে দ্বিপাক্ষিক বার্তালাপত মিলিত হোৱাৰ সম্ভাৱনা আছে। ওমানৰ বিদেশ মন্ত্ৰী আৰু ভাৰতৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টাগৰাকীক এই সন্মিলনত ভাগ ল'বলৈ আমন্ত্ৰণ জনাইছে। ভাৰত আৰু ওমানৰ বৈদেশিক মন্ত্ৰালয়ে যুটীয়াভাৱে এই সন্মিলনৰ আয়োজন কৰিছে। সাগৰীয় অংশদাৰিত্ব ক্ষেত্ৰত নতুন দিশৰ...