June 8, 2024 9:10 PM June 8, 2024 9:10 PM
10
লোকসভাৰ বিৰোধী দলৰ নেতা হিচাপে ৰাহুল গান্ধীক সৰ্বসন্মতিক্ৰমে বাছনি
কংগ্ৰেছ দলৰ সম্প্ৰসাৰিত কাৰ্যকৰী কমিটীয়ে সর্বসন্মতিক্রমে প্ৰস্তাৱ গ্ৰহণ কৰি ৰাহুল গান্ধীক লোকসভাৰ বিৰোধী পক্ষৰ নেতাৰ ভূমিকা পালন কৰিবলৈ অনুৰোধ জনাইছে। নতুন দিল্লীত আজি অনুষ্ঠিত কংগ্ৰেছ দলৰ কাৰ্যকৰি কমিটীৰ বৈঠকৰ অন্তত এখন সংবাদ মেল সম্বোধন কৰি দলৰ জ্যেষ্ঠ নেতা কে চি বেণুগোপালে কয় যে, কাৰ্যকৰী কমিটীয়ে ৰাহুল গান্ধীৰ নেতৃত্বত শক্তিশালী আৰু সতৰ্ক বিৰোধীৰ গঠন হ'ব বুলি বিশ্বাস কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে কয় যে, সদ্যসমাপ্ত নিৰ্বাচনৰ পৰা দলে নতুন শক্তি লাভ কৰিছে। তেওঁ কয় যে, কংগ্ৰেছে নিৰ...