April 19, 2025 9:07 PM

views 22

ইষ্টাৰৰ প্ৰাকসন্ধিয়া দেশ-বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বীসকলক ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ ওলগ

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি ইষ্টাৰৰ প্ৰাকসন্ধিয়া দেশ-বিদেশত বাস কৰা খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে এটা বাৰ্তাযোগে কৈছে যে ভগৱান যীশুখ্ৰীষ্টৰ মৃত্যুৰ পাছত চেতনা লাভৰ লগত সংগতি ৰাখি পালন কৰা পৱিত্ৰ ইষ্টাৰ উৎসৱে নিঃস্বার্থ মৰম আৰু সেৱাৰ বাৰ্তা বহন কৰে। তেওঁ লগতে কয়, যে যীশুখ্ৰীষ্টৰ ত্যাগে আমাক ক্ষমা আৰু ত্যাগৰ শিক্ষা দিয়ে আৰু মানৱ জাতিক সত্য, ন্যায় আৰু কৰুণাৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰেৰণা যোগায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে সকলোকে যীশুখ্ৰীষ্টৰ আদৰ্শৰাজি অনুস...