September 10, 2025 8:24 PM

views 17

এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ ছেপ্তেম্বৰত মিজোৰামৰ ৰাজধানী আইজলৰ নিকটৱৰ্তী চাইৰাঙৰ পৰা নতুন দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং আৰু গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং আৰু ক'লকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীৰ যাত্ৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব। চাইৰাং আৰু দিল্লীৰ আনন্দ বিহাৰ ষ্টেচনৰ মাজত সপ্তাহত এদিনকৈ চলিবলগীয়া ২০৫০৭ আৰু ২০৫০৮ নম্বৰৰ এই ৰাজধানী এক্সপ্ৰেছখনে চাইৰাঙৰ পৰা আনন্দ বিহাৰলৈ দুহেজাৰ ৫১০ কিলোমিটাৰ দূৰত্ব ৪৩ ঘণ্টা ২৫ মিনিটত সম্পূর্ণ কৰিব। নিয়মীয়া ...