December 4, 2025 11:49 AM

views 15

লোকসভাত কেন্দ্রীয় আবকাৰী শুল্ক সংশোধনী বিধেয়ক ২০২৫ গৃহীত

 লোকসভাত কালি কেন্দ্রীয় আবকাৰী শুল্ক সংশোধনী বিধেয়ক ২০২৫ গৃহীত হয়। চিগাৰেট, ছিগাৰ, হুক্কা, জর্দা আদিকে ধৰি ধঁপাত জাতীয় সামগ্ৰীৰ ওপৰত আবকাৰী শুল্ক আৰু কৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে ১৯৪৪ৰ কেন্দ্ৰীয় আবকাৰী আইনৰ সংশোধনৰ প্ৰস্তাৱ দিয়া হৈছিল। বিধেয়কখন সন্দর্ভত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কয় যে, এইখন কোনো নতুন আইন নহয় আৰু অতিৰিক্ত কৰো নহয়। তেওঁ কয়, যে এয়া হৈছে জি এছ টিৰ পূৰ্বে বাহাল থকা আবকাৰী শুল্কহে। তেওঁ কয়, যে জি এছ টি কাৰ্যকৰী হোৱাৰ পিছতো ২০১৭ চনৰ জুলাইৰ পৰা ২০২৪ চন পর...