June 24, 2024 12:05 PM

views 19

পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰা, নিয়াৰিকৈ পৰিচালনাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

কেন্দ্ৰীয় চৰকাৰে পৰীক্ষা ব্যৱস্থাত স্বচ্ছতা ৰক্ষা কৰাটো নিশ্চিত কৰাৰ লগতে পৰীক্ষাসমূহ নিয়াৰিকৈ পৰিচালনাৰ বাবে এলানি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষাসমূহত যিকোনো ধৰণৰ অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰাৰ বাবে এনে ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে। তদুপৰি পৰীক্ষা ব্যৱস্থাত হ'ব পৰা যিকোনো ত্রুটি দূৰ কৰাৰ বাবেও এনে ব্যৱস্থাসমূহ লোৱা হৈছে। ইয়াৰ অধীনত প্ৰথমবাৰৰ বাবে নিযুক্তি পৰীক্ষাত অসাধু উপায় অৱলম্বন কৰাটো ৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় আইন প্ৰণয়নৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় লোকসেৱা আয়োগ, কৰ্মচাৰী চয়ন আয...