March 21, 2025 10:47 AM

views 17

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ গণিত বিষয়ৰ পৰীক্ষা অনিবাৰ্য কাৰণবশতঃ পিছুৱাই দিয়া হৈছে

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষৰ আজি পিছবেলা হ'বলগীয়া গণিত বিষয়ৰ পৰীক্ষা অনিবাৰ্য কাৰণবশত পিছুৱাই দিয়া হৈছে। শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্রকে জনোৱা মতে এই বিষয়ৰ পৰীক্ষাৰ দিন পাছত ঘোষণা কৰা হ'ব। পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে আমাৰ বিশেষ সংবাদদাতাক জনোৱা মতে এটা পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়ে সম্ভেদ পোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰীভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সকলোবোৰ পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক এই পৰীক্ষাৰ ...