November 20, 2025 12:28 PM

views 27

২০২৫-২৬ শিক্ষাবর্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ২০২৫-২৬ শিক্ষাবর্ষৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিছে। সেই অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা ১০ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ব্যৱহাৰিক পৰীক্ষাসমূহৰ সূচী পাছত ঘোষণা কৰা কৰা হ'ব। শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাৰ চূড়ান্ত পৰীক্ষা ১১ ফেব্ৰুৱাৰীৰ পৰা ১৬ মাৰ্চলৈ অনুষ্ঠিত হ'ব। ব্যৱহাৰিক পৰীক্ষাসমূহ ২৭ জানুৱাৰীৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ...