March 20, 2025 6:26 PM

views 34

অনিবাৰ্য কাৰণবশত কাইলৈ হ’বলগীয়া উচ্চতৰ মাধ্যমিক গণিত বিষয়ৰ পৰীক্ষা স্থগিত

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কাইলৈ হ'বলগীয়া গণিত বিষয়ৰ পৰীক্ষা অনিবাৰ্য কাৰণবশত পিছুৱাই দিয়া হৈছে। শিক্ষা পৰিষদৰ দ্বিতীয় মণ্ডলৰ পৰীক্ষা নিয়ন্ত্রকে জনোৱা মতে এই বিষয়ৰ পৰীক্ষাৰ দিন পাছত ঘোষণা কৰা হ'ব। পৰিষদৰ পৰীক্ষা নিয়ন্ত্ৰক ৰঞ্জন কুমাৰ দাসে আমাৰ বিশেষ সংবাদদাতাক জনোৱা মতে এটা পৰীক্ষা কেন্দ্ৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ বিষয়ে সম্ভেদ পোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰীভাৱে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সকলোবোৰ পৰীক্ষা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াক এই পৰীক্ষাৰ বাবে ম...

January 3, 2025 8:09 PM

views 38

অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্ৰক পদৰ বাবে দেওবাৰে লিখিত পৰীক্ষা

  অসম আৰক্ষীৰ ২০২ টা উপ-পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ এটা সহকাৰী উপ-নিয়ন্ত্ৰক পদৰ বাবে পৰহিলৈ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। ২০২ টা উপ-পৰিদৰ্শকৰ পদৰ ভিতৰত ১৪৪টা ইউ বি, ৫১টা এ বি, ৭টা কমিউনিকেচন আৰু এটা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ-নিয়ন্ত্রক পদ অন্তৰ্ভুক্ত আছে। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে। শোণিতপুৰ জিলাৰ বিভিন্ন কেন্দ্ৰত অনুষ্ঠিত হ'বলগীয়া লিখিত পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ অংকুৰ ভড়ালীয়ে এটা নিৰ্দেশ জাৰি কৰিছে। সে...

September 28, 2024 6:05 PM

views 28

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব

স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দশম শ্রেণী উত্তীৰ্ণ প্ৰাৰ্থীৰ চালক পদৰ বাবে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব। কাইলৈ পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ স্নাতক পৰ্যায়ৰ তৃতীয় বৰ্গৰ আৰু দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ চালক পদৰ পৰীক্ষা অনুষ্ঠিত হ'ব। তৃতীয় বৰ্গৰ মুঠ ৪ হেজাৰ ৫৫ টা পদৰ বাবে ৫ লাখ ২৯ হাজাৰ ৯৮৯ গৰাকী প্ৰাৰ্থী আৰু চালক পদৰ বাবে মুঠ ৮১৮ টা পদৰ পৰীক্ষাত ২ লাখ ৪ হেজাৰ ৯৯১ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হব। পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ...

July 15, 2024 10:22 AM

views 23

ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে Cuet-UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা এন টি এৰ

■ এন টি এ অর্থাৎ ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই ভুক্তভোগী পৰীক্ষাৰ্থীৰ বাবে স্নাতক পৰ্যায়ত নামভৰ্তিৰ উমৈহতীয়া প্ৰৱেশ পৰীক্ষা Cuet-UGৰ পুনৰ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰিছে। এই পৰীক্ষা অহা ১৯ জুলাইত অনুষ্ঠিত হ'ব। সকলো ভুক্তভোগী পৰীক্ষাৰ্থীলৈ ই-মেইল যোগে এই খবৰ প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ্থীসকলক প্ৰৱেশ-পত্ৰ শীঘ্ৰেই প্ৰদান কৰা হ'ব।

May 6, 2024 2:31 PM

views 33

কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষা পৰিষদ দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা

কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰমাণ পত্ৰ পৰীক্ষা পৰিষদ, চি আই এছ চি ইয়ে আজি দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফলসমূহ ঘোষণা কৰিছে। চি আই এছ চি ইৰ তথ্য অনুসৰি আই চি এছ ইৰ দশম শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৯.৪৭ শতাংশ হোৱাৰ বিপৰীতে আই এছ চিৰ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯৮.১৯ শতাংশ। উল্লেখযোগ্য যে পৰিষদৰ দশম আৰু দ্বাদশ উভয় পৰীক্ষাৰ ফলাফলতে ছাত্রীসকলে শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে। আই চি এছ ইৰ এইবাৰৰ ফলাফলত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৯.৬৫ শতাংশ হোৱাৰ বিপৰীতে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯৯.১ শতাংশ একেদৰে আই এছ চিত ছোৱালীয়ে ৯৮.৯২ শতাং...