February 4, 2025 12:06 PM

views 12

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাক্তন সেনা বিষয়া নিহত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত কালি সন্ত্ৰাসবাদীৰ আক্ৰমণত এগৰাকী প্ৰাক্তন সেনা বিষয়া নিহত হয়। নিৰাপত্তা সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি সন্ত্ৰাসবাদীৰ এটা দলে কুলগাম জিলাৰ বেহিবাগ অঞ্চলত প্ৰাক্তন সেনা বিষয়া, তেওঁৰ পত্নী আৰু কন্যাক উদ্দেশ্যি আক্ৰমণ কৰে। এই ঘটনাৰ পাছতেই আহত তিনিওগৰাকীকে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও গুৰুতৰভাৱে আঘাতপ্রাপ্ত প্রাক্তন সেনা বিষয়াগৰাকীৰ চিকিৎসালয়তে মৃত্যু হয়। এই ঘটনাত জড়িত সন্ত্রাসবাদীক আটক কৰাৰ বাবে নিৰাপত্তা বাহিনীয়ে অঞ্চলটো ঘেৰাও কৰি অভিযান অব্যাহত ৰাখিছে...