September 22, 2024 11:44 AM September 22, 2024 11:44 AM

views 5

আত্মসমৰ্পণকাৰী এন ডি এফ বিৰ সদস্যসকলৰ সৈতে  মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি আত্মসমৰ্পণকাৰী এন ডি এফ বিৰ সদস্য সকলৰ সৈতে লোকসেৱা ভৱনৰ সভাকক্ষত এখন বৈঠকত মিলিত হয়। এই বৈঠকত সংস্থাপন আৰু অৰ্থনৈতিক বিকাশৰ সৈতে জড়িত বিভিন্ন দিশ সম্পর্কে আলোচনা কৰা হয়। বৈঠকত উগ্ৰপন্থী সংগঠনটোৰ আত্মসমৰ্পণকাৰী সদস্যসকলক স্ব- নিৰ্ভৰশীল কৰি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহ কাৰ্যকৰী কৰাৰ বিষয়েও আলোচনা কৰা হয়।