November 24, 2024 7:40 PM

views 16

প্ৰাক্তন আৰক্ষী সঞ্চালক প্রধান নিশিনাথ চাংকাকতিৰ ৯০ বছৰ বয়সত মৃত্যু

প্ৰাক্তন আৰক্ষী সঞ্চালক প্রধান নিশিনাথ চাংকাকতিৰ আজি ৯০ বছৰ বয়সত মৃত্যু হয়। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হোৱা চাংকাকতিয়ে ১৯৮৮ চনত অসমৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৬ চনত উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি পদক লাভ কৰা চাংকাকতিৰ মৃত্যুত আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে শোক প্ৰকাশ কৰে। চাংকাকতিৰ মৃত্যুত অসম আৰক্ষীৰ পতাকা অৰ্দ্ধনমিত কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে। উল্লেখযোগ্য যে সদ্যপ্রয়াত চাংকাকতি লেখক হিচাপেও প্রখ্যাত আছিল।