December 19, 2025 6:46 PM December 19, 2025 6:46 PM

views 3

আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত নগাঁও জিলা প্রশাসনৰ উচ্ছেদ

নগাঁও জিলা প্রশাসনে আজি ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰেকনি গাঁৱৰ গেৰেকনি বিলত উচ্ছেদ চলায়। আৰক্ষী প্ৰশাসনৰ সহযোগত পুৱা ৮ বজাৰ পৰা চলোৱা এই উচ্ছেদ অভিযানত গেৰেকনি বিলৰ চৰকাৰী ভূমি দখল কৰি অবৈধভাৱে খন্দা পুখুৰীসমূহৰ মাটি দখলমুক্ত কৰা হয়। আমাৰ নগাঁ জিলাৰ সংবাদদাতাই জনোৱা মতে, গেৰেকনি অঞ্চলৰ কিছুসংখ্যক লোকে বিলখনত পাৰ বান্ধি বৃহৎ পুখুৰী খান্দি বহু বছৰ ধৰি মাছৰ ব্যবসায় কৰি আহিছিল। ইয়াৰ ফলত বিলখনৰ পাৰিপাৰ্শ্বিকতা বিপন্ন হোৱাৰ লগতে সমগ্ৰ অঞ্চলটোত কৃত্রিম বানৰ সৃষ্টি হৈ স্থানীয় ৰাইজৰ কৃষি কৰ্মৰ বিস্তৰ ক্ষত...

December 16, 2025 7:42 PM December 16, 2025 7:42 PM

views 11

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩, ৪৭১ বিঘা ভূমিত প্রশাসনৰ উচ্ছেদ অভিযান

নগাঁও জিলাৰ ধিং ৰাজহ চক্ৰৰ ৩ হাজাৰ ৪৭১ বিঘা ভূমিত আজি প্রশাসনে উচ্ছেদ অভিযান চলায়। প্ৰশাসনৰ এই উচ্ছেদ অভিযান অহা ২০ ডিচেম্বৰলৈকে চলিব। উল্লেখযোগ্য যে অঞ্চলটোত একাংশ লোকে চৰকাৰী ভূমি দখল কৰি মীন পালনৰ বাবে পুখুৰী খান্দিছিল। প্রশাসনে জাননী জাৰি কৰি অঞ্চলটো দখলমুক্ত কৰাৰ বাবে আজি উচ্ছেদ অভিযান আৰম্ভ কৰে। ধিং ৰাজহ চক্ৰৰ শালনাবাৰী, ভেৰভেৰী বিল, টুকটুকী, আহোম গাঁও, কটহগুৰি আৰু ৰৌমাৰী বিলত জিলা প্রশাসনে উচ্ছেদ চলোৱাৰ বাবে ইতিমধ্যে জাননী জাৰি কৰিছে।

December 5, 2025 6:38 PM December 5, 2025 6:38 PM

views 3

ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন

নগাঁও জিলা প্রশাসনে ৰূপহীহাট থানাৰ অন্তর্গত ভকতগাঁৱত আজি উচ্ছেদ অভিযান চলায়। প্রশাসনে প্রায় ৩৮ বিঘা ভূমিত অবৈধভাৱে বাস কৰা ৭৫টা পৰিয়ালক উচ্ছেদ কৰে। জিলা প্রশাসনে ইতিমধ্যে দখলীকৃত ভূমি খালী কৰাৰ বাবে প্ৰেৰণ কৰা জাননী লাভ কৰাৰ পাছতে একাংশ পৰিয়ালে সেই ঠাই এৰি আঁতৰি যায়। আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ উপস্থিতিত আজি বাকী থকা পৰিয়ালসমূহক উচ্ছেদ কৰা হয়। এই উচ্ছেদ অভিযান শান্তিপূর্ণভাৱে সম্পন্ন হয় বুলি আমাৰ নগাঁৱৰ সংবাদদাতাই জনাইছে।

August 26, 2025 12:35 PM August 26, 2025 12:35 PM

views 4

সাময়িকভাৱে স্থগিত ৰখাৰ পিছত উৰিয়ামঘাটত আজি পুনৰ প্ৰশাসনৰ উচ্ছেদ অভিযান

গোলাঘাট জিলাৰ উৰিয়ামঘাটত প্ৰশাসন আৰু বন বিভাগে চলাই থকা উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে যদিও আজি পুনৰ এই উচ্ছেদ অভিযান আৰম্ভ কৰা হয়। প্ৰশাসন আৰু বন বিভাগে আজি দিনৰ চাৰে ৯ বজাৰ পৰা ৰেংমা বনাঞ্চলৰ ১ নম্বৰ মধুপুৰ, ৰাণানগৰ আৰু হাতীডুবি অঞ্চলত তৃতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলায়।  ইয়াৰ বাবে প্ৰশাসনে যাৱতীয় প্রস্তুতি সম্পূৰ্ণ কৰিছে। তদুপৰি অঞ্চলকেইটাত কটকটীয়া নিৰাপত্তা ব্যৱস্থাও গঢ়ি তোলা হৈছে। উল্লেখযোগ্য যে উৰিয়ামঘাটত চৰকাৰে উচ্ছেদ অভিযান চলাই এইপর্যন্ত প্রায় ১৩ হাজাৰ বিঘা বনাঞ্চল দখল...

August 9, 2025 12:24 PM August 9, 2025 12:24 PM

views 5

উৰিয়ামঘাটৰ উচ্ছেদৰ পিছত আজি সোণাৰী বিলত গছপুলি ৰোপণ কাৰ্যসূচী

উৰিয়ামঘাটৰ উচ্ছেদৰ পৰৱৰ্তি পদক্ষেপ হিচাপে আজি সোণাৰী বিলত গছপুলি ৰোপণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সেউজ বনানিকৰণৰ জৰিয়তে বনাঞ্চলৰ ভূমি ৰক্ষা কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে আহ্বান জনাইছে। ইপিনে গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি মেৰাপানী সীমান্তৰ দৈয়াং বনাঞ্চলৰ ২ নম্বৰ নেঘেৰিবিলত অবৈধভাৱে বাস কৰা ২০৫ টা পৰিয়ালৰ ভিতৰত ১৪৬ টা পৰিয়ালক উচ্ছেদ কৰে। গোলাঘাট জিলাৰ আয়ুক্ত পুলক মহন্তৰ উপস্থিতিত অৰ্ধ শতাধিক এস্কেভেটৰ কেইবাশ বনকৰ্মী, আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষ...

August 4, 2025 12:39 PM August 4, 2025 12:39 PM

views 1

উৰিয়ামঘাটৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলত ৩৫০টাতকৈ অধিক পৰিয়াল উচ্ছেদ, ১০০০ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত গোলাঘাট জিলা প্ৰশাসন আৰু বন বিভাগে কালি সৰু পথাৰৰ নামবৰ দক্ষিণ সংৰক্ষিত বনাঞ্চলৰ কিছু অংশত উচ্ছেদ চলায়। কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু নাগালেণ্ড চৰকাৰৰ সহযোগত কালি গেলাজান আৰু ৩ নম্বৰ ৰজা পুখুৰীৰ অবৈধভাৱে দখলীকৃত বনভূমিত শান্তিপূর্ণভাৱে উচ্ছেদ অভিযান সম্পন্ন হয়। অভিযানত ৩৫০টাতকৈ অধিক পৰিয়াল উচ্ছেদ কৰি প্ৰায় এহেজাৰ বিঘা সংৰক্ষিত বনভূমি পুনৰুদ্ধাৰ কৰা হয় ৷ ইপিনে, মেৰাপানীৰ দৈয়াং সংৰক্ষিত বনাঞ্চলৰ নেঘেৰীবিলত অহা ৮ আ...

July 31, 2025 8:10 PM July 31, 2025 8:10 PM

views 5

ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযান আজি তৃতীয় দিনা শান্তিপূর্ণভাৱে সম্পন্ন

উৰিয়ামঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলত চলি থকা উচ্ছেদ অভিযান আজি তৃতীয় দিনা শান্তিপূর্ণভাৱে সম্পন্ন হয়। আমাৰ গোলাঘাটৰ সংবাদদাতাই জনোৱা মতে আজি পুৱা ৯ বজাৰ পৰা বন বিভাগ আৰু প্ৰশাসনে অঞ্চলটোৰ ২ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দয়ালপুৰ, ৩ নম্বৰ দলনিপথাৰ, খেৰবাৰী আৰু আনন্দপুৰ গাঁৱত উচ্ছেদ চলায়। আজি পাঁচ শতাধিক বাসগৃহ উচ্ছেদ কৰাৰ লগতে বহু সংখ্যক তামোল বাৰীও উচ্ছেদ কৰা হয়। এই অভিযানত ভালেসংখ্যক এক্সকেভেটৰ, বনকৰ্মী আৰু প্ৰশাসনিক বিষয়া নিয়োগ কৰা হৈছে । গোলাঘাটৰ জিলা আযুক্ত, অতিৰিক্ত জিলা আযুক্ত, আৰক্ষী বিষয়...

July 30, 2025 8:19 PM July 30, 2025 8:19 PM

views 8

উৰিয়ামঘাটৰ এক নম্বৰ পিঠাঘাট আৰু ২ নম্বৰ পিঠাঘাট অঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান

জিলা প্ৰশাসন আৰু বন বিভাগে গোলাঘাট জিলাৰ ৰেংমা বনাঞ্চলৰ উৰিয়ামঘাটৰ এক নম্বৰ পিঠাঘাট আৰু ২ নম্বৰ পিঠাঘাট অঞ্চলত আজি পুনৰ উচ্ছেদ অভিযান চলায়। অভিযানকালত প্ৰায় দুশটা ঘৰ উচ্ছেদ কৰা হয়। ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক এন কে যাদৱৰ নেতৃত্বত এই অভিযান সম্পন্ন কৰা হয়। কেইবাটাও পৰ্যায়ত চলিবলগীয়া এই অভিযানত দুহেজাৰ ৬০০ৰো অধিক পৰিয়ালক উচ্ছেদ কৰাৰ লগতে প্ৰায় ১১ হাজাৰ বিঘা ভূমি দখলমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ জাননী পোৱাৰ পাছতে অঞ্চলটোৰ পৰা প্ৰায় ৮০ শতাংশ লোক আঁতৰি গৈছে যদিও একাংশ লোক এতিয়া...