January 6, 2026 12:36 PM
18
বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ৮৩০ হেক্টৰ ভূমিত প্রশাসনৰ উচ্ছেদ
শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ ৮৩০ হেক্টৰ ভূমিত কালি প্রশাসনে উচ্ছেদ অভিযান চলায়। তেজপুৰ সদৰ ৰাজহ চক্ৰ আৰু ঠেলামৰা ৰাজহ চক্ৰৰ অধীনৰ জামুকতল, আৰিমাৰি, চিয়ালিচৰ, বাঘেটাপু, লাঠীমাৰী চৰকে ধৰি কেইবাটাও অঞ্চল দখলমুক্ত কৰাৰ বাবে প্রশাসনে অঞ্চলটোত আজি অভিযান চলাব। একালত জৈৱ বৈচিত্ৰৰে ভৰপূৰ আৰু দুষ্প্রাপ্য উলুম'ৰা পক্ষীৰ বাবে বিখ্যাত অভয়াৰণ্যখনৰ একাংশ দখলকাৰীৰ কৱলত পৰিছে। ৪৪ বর্গ কিলোমিটাৰজোৰা অভয়াৰণ্যখনত ছহেজাৰ ২০০ বিঘা ভূমিত দখলকাৰীয়ে বাসগৃহ নির্মাণ আৰু কৃষিকার্য কৰি আহিছে। ২০২৩ চনত শোণ...