March 2, 2025 11:47 AM

views 16

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে লণ্ডনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে কালি লণ্ডনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টেমাৰক সাক্ষাৎ কৰে। এই বৈঠকত ব্রিটেইনে দেশখনক ২৮০ কোটি ডলাৰ ঋণ দিবলৈ সন্মতি প্ৰকাশ কৰে। এই ঋণৰ ধনৰাশিৰে ইউক্রেইনৰ প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধি হ'ব বুলি ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্রকাশ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ সৈতে হোৱা সাক্ষাতৰ এদিন পাছতেই এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ইউক্রেইনত চলি থকা সংঘাটৰ সময়ছোৱাত দেশখনক সমৰ্থন কৰি যাব বুলি প্রতিশ্রুতি দিয়ে। তেওঁ লগতে ইউক্ৰেইনত স্থ...

February 16, 2025 11:15 AM

views 13

ইউৰোপে ইউক্রেইনৰ শান্তি আলোচনাত অংশগ্ৰহণ নকৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা

ইউৰোপে ইউক্রেইনৰ শান্তি আলোচনাত অংশগ্ৰহণ নকৰে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰই ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি সহায়ক তথা ৰাছিয়া আৰু ইউক্রেইনৰ বাবে থকা বিশেষ কটকী কীথ কেলাঙে জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত বিশ্ব সুৰক্ষা সন্মিলনত কালি এই কথা প্ৰকাশ কৰে। অঞ্চলটোত শান্তি সুনিশ্চিত কৰাৰ বাবে ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে গ্ৰহণ কৰা লক্ষ্য আগুৱাই নিয়াৰ উদ্দেশ্যে শ্ৰী কেলাঙে ২২ ফেব্ৰুৱাৰীলৈ ইউৰোপৰ বিভিন্ন দেশ ভ্ৰমণ কৰাৰ কথা। ইউক্রেইনৰ সুৰক্ষা সুনিশ্চিত কৰাৰ ক্ষেত্ৰত কি ধৰণৰ অৱদান আগবঢ়াব বুলি ইউৰোপীয় দেশসমূহলৈ ৱ...