March 2, 2025 11:47 AM March 2, 2025 11:47 AM
6
ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে লণ্ডনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'ডিমিৰ জেলেনস্কিয়ে কালি লণ্ডনত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কেইৰ ষ্টেমাৰক সাক্ষাৎ কৰে। এই বৈঠকত ব্রিটেইনে দেশখনক ২৮০ কোটি ডলাৰ ঋণ দিবলৈ সন্মতি প্ৰকাশ কৰে। এই ঋণৰ ধনৰাশিৰে ইউক্রেইনৰ প্ৰতিৰক্ষা সামৰ্থ বৃদ্ধি হ'ব বুলি ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্রকাশ কৰে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পৰ সৈতে হোৱা সাক্ষাতৰ এদিন পাছতেই এই বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে ইউক্রেইনত চলি থকা সংঘাটৰ সময়ছোৱাত দেশখনক সমৰ্থন কৰি যাব বুলি প্রতিশ্রুতি দিয়ে। তেওঁ লগতে ইউক্ৰেইনত স্থ...