July 11, 2024 12:40 PM

views 30

ইংলেণ্ড, ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ

ইংলেণ্ড, ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ডটমণ্ডত কালি অনুষ্ঠিত দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডে নেডাৰলেণ্ডছক ২-১ গ'লত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। দলটোৰ হৈ অংলি ৱাটকিনছে নির্ণায়ক গ'লটো দিয়ে। ইংলেণ্ড দলৰ অধিনায়ক হেৰি কেনে খেলৰ প্ৰথমাৰ্ধত প্ৰথমটো গ'ল কৰে। নেডাৰলেণ্ডছৰ হৈ জাৱি ছাইমনছে একমাত্ৰ গ'লটো দিয়ে। অহা ১৫ জুলাইত হ'বলগীয়া ফাইনেলত ইংলেণ্ড স্পেইনৰ মুখামুখি হ'ব।