July 14, 2024 6:51 PM

views 28

স্পেইন আৰু আৰু ইংলেণ্ডৰ মাজত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেল

স্পেইন আৰু আৰু ইংলেণ্ডৰ মাজত বার্লিনত আজি নিশা ১২.৩০ বজাত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ফাইনেল খেলখন অনুষ্ঠিত হ'ব। খেলখনত স্পেইন অভিলেখ সংখ্যক চতুৰ্থবাৰৰ বাবে খিতাপ লাভৰ লক্ষ্যৰে অৱতীৰ্ণ হোৱাৰ বিপৰীতে। ইংলেণ্ডে একেৰাহে দ্বিতীয়বাৰৰ বাবে ইউৰোকাপৰ ফাইনেল খেলিব। ছেমিফাইনেলত স্পেইনে ২-১ গলত ফ্লান্সক আৰু একেই ব্যৱধানত ইংলেণ্ডে নেডাৰলেণ্ডছক পৰাজিত কৰিছিল। আন এখন মহাদেশীয় ফুটবল প্রতিযোগিতা ক’পা আমেৰিকাত কাইলৈ ভাৰতীয় সময় অনুসৰি পুৱা ৫.৩০ বজাত মিয়ামিত হ'বলগীয়া ফাইনেল খেলত আৰ্জেণ্টিনা, কলম্বিয়া বিৰুদ্...

July 10, 2024 12:24 PM

views 30

ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত ফ্ৰান্সক ২-১ গলত পৰাস্ত স্পেইনৰ

জাৰ্মানীৰ মিউনিখৰ আলিয়ান্স এৰেনাত যোৱা নিশা অনুষ্ঠিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ ছেমি ফাইনেলত স্পেইনে ফ্ৰান্সক ২-১ গলত পৰাস্ত কৰে। ফ্ৰান্সৰ হৈ কলো মুৱানীয়ে খেলৰ প্ৰথমাৰ্ধত দলটোৰ হৈ একমাত্ৰ গ'লটো দিয়ে। স্পেইনৰ হৈ লেমিন য়ামল আৰু জুলচ কোন্দে দুটা গ'ল দিয়ে। বি ভি বি ষ্টেডিয়ন ডর্টমুণ্ডত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ড নেডাৰলেণ্ডছৰ মুখামুখি হ'ব। অহা সোমবাৰে প্ৰতিযোগিতাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব।

July 7, 2024 11:53 AM

views 30

ইউৰোকাপ ফুটবলৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত

চলিত ইউৰোকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত অনুষ্ঠিত হ'ব। যোৱানিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে ট্রাইব্রেকাৰৰ জৰিয়তে ৫-৩ গ’লৰ ব্যৱধানত ছুইজাৰলেণ্ডক পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত সমাপ্ত হোৱাৰ পাছত অতিৰিক্ত সময়তো ফলাফল নির্ণয় হোৱা নাছিল। ইফালে, নিশা অনুষ্ঠিত প্রতিযোগিতাৰ অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডছে ২–১ গ’লত তুৰস্কক পৰাস্ত কৰে। ইউৰো কাপৰ আনখন ছেমি ফাইনেল স্পেইন আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হ'ব।

July 6, 2024 12:24 PM

views 31

ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্পেইন বনাম ফ্ৰান্স

ইউৰো কাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত স্পেইন ফ্ৰান্সৰ মুখামুখি হ'ব। জাৰ্মানীৰ ষ্টুটগার্টত অনুষ্ঠিত প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত স্পেইনে জার্মানীক ২-১ গলত পৰাস্ত কৰে। স্পেইনৰ ডানী অল্‌মো আৰু মাইকেল মৰিনোৱে এটাকৈ গল দিয়ে। আনহাতে জাৰ্মানীৰ হৈ ফ্লৰিয়ন বিটজে একমাত্র গলটো দিয়ে। দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত ফ্রান্সে পর্টুগালক পেনাল্টি শুট আউটৰ সহায়ত ৫-৩ গলৰ ব্যৱধানত পৰাস্ত কৰে। প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল ৯ জুলাইত জাৰ্মানীৰ মিউনিখ আৰু দ্বিতীয়খন ছেমি ফাইনেল ১০ জুলাইত ডাটমণ্টত খেলোৱা হ'ব। বার্ল...

July 5, 2024 12:47 PM

views 24

ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি জার্মানী স্পেইনৰ মুখামুখি আৰু ফ্ৰান্স পৰ্টুগালৰ মুখামুখি

চলিত ইউৰো কাপ ফুটবল প্রতিযোগিতাত আজি দুখনকৈ কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। নিশা চাৰে ৯ বজাত হ'বলগা প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত দুই প্রাক্তন বিশ্ব চেম্পিয়ন জার্মানী আৰু স্পেইন মুখামুখি হোৱাৰ বিপৰীতে নিশা চাৰে ১২ বজাত হ'বলগা আন এখন কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন ফ্ৰান্সে ইউৰো কাপৰ চেম্পিয়ন পৰ্টুগালৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে প্রি কোৱাৰ্টাৰ ফাইনেলত ফ্রান্সে একমাত্র গলত বেলজিয়ামক পৰাস্ত কৰিছিল। আনহাতে পর্তুগালে ট্রাই বেকাৰত শ্ল’ভেনিয়াক পৰাস্ত কৰিছিল। ইপিনে প্রতিযোগিতাৰ আয়োজক ...

July 3, 2024 1:17 PM

views 35

ইউৰো কাপৰ প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত জার্মানী স্পেইনৰ মুখামুখি

চলিত ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ অহা ৫ জুলাইত হ'বলগা প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত দুটা প্রাক্তন বিশ্ব চেম্পিয়ন দল জার্মানী আৰু স্পেইন পৰস্পৰৰ মুখামুখি হ'ব। ইফালে, সেইদিনাই হ'বলগা আন এখন কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন ফ্রান্সে ইউৰো কাপৰ চেম্পিয়ন পৰ্টুগালৰ বিৰুদ্ধে খেলিব। ইংলেণ্ড অহা ৬ জুলাইত হ'বলগা কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ মুখামুখি হোৱাৰ বিপৰীতে অন্তিমখন কোৱাৰ্টাৰ ফাইনেল নেডাৰলেণ্ডছ আৰু তুৰস্কৰ মাজত অনুষ্ঠিত হ'ব।

July 3, 2024 12:50 PM

views 24

তুৰস্ক ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্রৱেশ

তুৰস্কই যোৱা নিশা জাৰ্মানীত অনুষ্ঠিত এখন খেলত অষ্ট্ৰিয়াক ২-১ গ'লত পৰাস্ত কৰি ইউৰো কাপ ফুটবল প্রতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্রবেশ কৰে। তুৰস্কৰ ডিফেণ্ডাৰ মেৰিহ ডেমিৰলে খেল আৰম্ভ হোৱাৰ মাত্ৰ ৫৭ ছেকেণ্ড পাছতে প্ৰথমটো গ'ল দিয়ে। ইয়াৰ লগে লগে ডেমিৰলে ইউৰোপীয় চেম্পিয়নশ্বিপৰ নক-আউট পৰ্যায়ৰ ইতিহাসত দ্ৰুততম গ'ল দিয়াৰ অভিলেখ গঢ়ে। খেলুৱৈগৰাকীয়ে ৫৯ মিনিটত দ্বিতীয়টো গ'ল দিয়ে। অষ্ট্ৰিয়াৰ হৈ মাইকেল গ্রেগোৰিছে একমাত্র গলটো দিয়ে। তুৰস্কই দেওবাৰে কোৱাৰ্টাৰ ফাইনেলত নেডাৰলেণ্ডছৰ সন্মুখীন হ'ব।

June 16, 2024 1:50 PM

views 35

বিশ্ব চেম্পিয়ন স্পেইন আৰু ইটালীৰ ইউৰো কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ

দুই বিশ্ব চেম্পিয়ন স্পেইন আৰু ইটালীয়ে চলিত ইউৰো কাপ ফুটবল প্ৰতিযোগিতাত জয়ৰে অভিযান আৰম্ভ কৰিছে। জার্মানীত চলি থকা প্ৰতিযোগিতাখনৰ যোৱা নিশা অনুষ্ঠিত প্ৰথমখন খেলত স্পেইনে ৩-০ গ’লৰ ব্যৱধানত ক্ৰ’ৱেছিয়াক পৰাস্ত কৰে। গ্ৰুপ-বিৰ খেলখনৰ তিনিওটা গলেই খেলৰ প্ৰথমাৰ্ধত হয়। খেলৰ ২৯ মিনিটত আলভাৰ’ মৰাতাই দিয়া গ’লেৰে স্পেইনে অগ্রগতি লোৱাৰ পাছত দলৰ হৈ বাকী দুটা গ’ল খেলৰ ৩২ মিনিটত হাবিয়ান ৰিয়াজ আৰু ৪৫ মিনিটত ডানিয়ে দিয়ে। ইফালে গ্রুপ-বিৰ আন এখন খেলত ইটালীয়ে প্ৰথমে গ’ল খোৱাৰ পাছতো ২-১ৰ ব্যৱধানত আলবানিয়াক...

June 15, 2024 1:55 PM

views 33

ইউৰো কাপ ২০২৪ৰ উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ’লত পৰাস্ত

ইউৰো কাপ ২০২৪ত মিউনিখৰ এলিয়ানজ এৰিনা ফুটবল ষ্টেডিয়ামত কালি অনুষ্ঠিত উদ্বোধনী মেচত জার্মানীয়ে স্কটলেণ্ডক ৫-১ গ'লত পৰাস্ত কৰে। আয়োজক দল জাৰ্মানীৰ হৈ খেলৰ প্ৰথমাৰ্ধত কাই হাভাৰ্টজ, ফ্লৰিয়ান উইটজ আৰু জামাল মুছিয়ালাই এটাকৈ গ'ল দিয়ে। দ্বিতীয়ার্ধত নিক্লাছ ফুলক্রুগ আৰু এমৰে কেনে এটাকৈ গ'ল দিয়ে। স্কটলেণ্ডৰ হৈ খেলৰ ৮৭ মিনিটত এণ্টনিঅ’ ৰুডিগাৰে এটা গ'ল দিবলৈ সমর্থ হয় । আজি কল'নত গ্ৰুপ এৰ এখন খেলত হাংগেৰীয়ে ছুইজাৰলেণ্ডৰ বিৰুদ্ধে খেলিব। আনহাতে বাৰ্লিনত গ্রুপ বিৰ এখন খেলত ক্ৰ'ৱেচিয়া স্পেইনৰ মুখামুখি...