October 29, 2025 11:29 AM

views 214

গুৱাহাটীৰ বৰ্ষাপাৰাত আজি আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল

আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমত প্ৰথমবাৰৰ বাবে হ'বলগীয়া মহিলা বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেল খেলখনৰ বাবে দৰ্শকৰ মাজত যথেষ্ট আগ্রহ পৰিলক্ষিত হৈছে। বৰ্ষাপাৰাত অনুষ্ঠিত পূৰ্বৰ কেইবাখনো আন্তর্জাতিক ক্রিকেট খেল বৰষুণৰ বাবে বিঘ্নিত হোৱাৰ দুঃসহ স্মৃতি আঁতৰাই গুৱাহাটীৰ ক্ৰিকেটপ্রেমী আজিৰ খেলখন উপভোগৰ বাবে সাজু হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি...