May 22, 2024 8:24 PM

views 13

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টি সন্দৰ্ভত সভা

গোলাঘাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি জাপানীজ এনকেফেলাইটিছ প্ৰতিৰোধ সন্দৰ্ভত জনসচেতনতা সৃষ্টিৰ আলোচনাৰ বাবে এখন সভা অনুষ্ঠিত হয়। সভাত জিলা প্রশাসন, তথ্য আৰু জনসংযোগ, জলসিঞ্চন, নগৰ উন্নয়ন, কৃষি, মীন বিভাগ আদিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া প্ৰতিৰোধমূলক ব্যৱস্থা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। এই সন্দৰ্ভত পশুপালন বিভাগৰ দ্বাৰা গাহৰি পালকসকলৰ মাজত জাপানীজ এনকেফেলাইটিছ সন্দৰ্ভত সজাগতা সৃষ্টি কৰা, বৈজ্ঞানীকভাৱে গাহৰি পালন কৰা, গাহৰিৰ অস্বাভাৱিক জ্বৰ তথা অন্যান্য লক্ষণসমূহ দেখা দিলে বিভাগীয় কর্তৃ...