September 9, 2024 11:17 AM

views 16

বিশিষ্ট সাহিত্যিক ৰংবং টেৰাঙলৈ অসম বিশ্ববিদ্যালয়ৰ ডি-লিট সন্মান

শিলচৰস্থিত অসম বিশ্ববিদ্যালয়ে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং টেৰাঙলৈ ডি-লিট সন্মান আগবঢ়াইছে। অহা ১৩ ছেপ্তেম্বৰত হ'বলগীয়া বিশ্ববিদ্যালয়খনৰ ২১ সংখ্যক সমাৱৰ্তনত সাহিত্যিকগৰাকীক এই সন্মান প্ৰদান কৰাৰ কথা আছিল যদিও শ্ৰী টেৰাঙৰ শাৰীৰিক অসুস্থতাৰ বাবে অহা ১৬ ছেপ্তেম্বৰত সাহিত্যিকগৰাকীৰ ডিফুস্থিত নিজা বাসভৱনত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই বঁটা প্ৰদান কৰিব।