July 30, 2025 9:00 PM

views 17

এলভিচ আলী হাজৰিকা দুবাৰকৈ সফলতাৰে ইংলিচ চেনেল সাতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়াৰূপে পৰিগণিত

এলভিচ আলী হাজৰিকা ইংলিচ চেনেল দুবাৰকৈ সফলতাৰে সাতুৰি পাৰ হোৱা প্ৰথমগৰাকী অসমীয়াৰূপে পৰিগণিত হৈছে। হাজৰিকাই আজি ১৩ ঘণ্টাজোৰা সাতোৰৰ অন্তত এই কৃতীত্ব অৰ্জন কৰে। ইয়াৰ পূৰ্বে তেওঁ ২০২৩ চনৰ জুলাইত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী সাতোৰবিদৰূপে ইংলিচ চেনেল ইপাৰ সিপাৰ পাৰ কৰিছিল।