May 14, 2024 11:49 AM
15
এল’ডা কাপ প্রতিযোগিতাৰ উদ্বোধনী দিনটোত জয়েৰে ভাৰতীয় বক্সাৰৰ অভিযান আৰম্ভ
ভাৰতীয় বক্সাৰসকলে কাজাখস্তানৰ আস্তানাত অনুষ্ঠিত চলিত বৰ্ষৰ এল'ডা কাপ প্রতিযোগিতাৰ উদ্বোধনী দিনটোত জয়েৰে অভিযান আৰম্ভ কৰিছে। মহিলাৰ ৫২ কিল'গ্রাম ওজন শাখাত বৰ্তমানৰ বিশ্ব চেম্পিয়ন নিখত জৰিনে আয়োজক দেশৰ ৰাখীম্বার্দি ঝানছায়াক ৫-০ গেমত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হয়। ইপিনে মহিলাৰ ৪৮ কিল'গ্রাম ওজন শাখাত ভাৰতৰ মিনাক্ষীয়ে কাজাখস্তানৰ গাছিমোভা ৰ'ক্সানাৰ বিৰুদ্ধে ৪-১ গে'মত বিজয় সাব্যস্ত কৰে। আন এগৰাকী ভাৰতীয় খেলুৱৈ অনামিকাই মহিলাৰ ৫০ কিল'গ্রাম ওজন শাখাত ঝুমাবায়েভা আৰাইলিমক পৰাস্ত কৰে ৷ ইফ...