July 27, 2024 12:01 PM

views 11

ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখাৰ সাধাৰণ সভা আহ্বান

ইলোৰা বিজ্ঞান মঞ্চৰ যোৰহাট শাখাৰ এখন সাধাৰণ সভা কাইলৈ পুৱা চাৰে ১০ বজাৰ পৰা আৰম্ভ হ'ব । যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত বিজ্ঞান মনস্কতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে জন বিজ্ঞান আন্দোলন শক্তিশালী কৰাৰ কাৰণে কাৰ্যসূচী গ্ৰহণ কৰা ইলোৰা বিজ্ঞান মঞ্চৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল সভাত উপস্থিত থাকিব। যোৰহাট নগৰৰ মাজমজিয়াৰ বৰুৱা চাৰিআলি সমীপৰ এ আই পি এছ এনৰ অন্যতম অংশীদাৰী সংগঠন চি আই ইউৰ কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এই সভাত উদ্যোক্তাসকলে ৰাইজৰ উপস্থিতি কামনা কৰিছে ৷