December 21, 2025 7:35 PM

views 32

কামপুৰ-যমুনামুখৰ ৰে’লপথত ৰেলৰ খুন্দাত ৮টা হাতীৰ মৃত্যু ঘটনা সন্দৰ্ভত বন বিভাগক মুখ্যমন্ত্রীৰ তদন্তৰ নিৰ্দেশ

নগাঁও জিলাৰ কামপুৰ-যমুনামুখৰ মাজৰ চাংজুৰাই ৰে'লপথত কালি পুৱতি নিশা ৰেলৰ খুন্দাত ৮টা হাতীৰ মৃত্যু হোৱাৰ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বন বিভাগৰ শীঘ্ৰেই তদন্ত কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ প্রতিকূল বতৰ বিশেষকৈ ঘন কুঁৱলী পৰাৰ সময়ছোৱাত এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰবাবে তাৎক্ষণিক ব্যবস্থা গ্রহণৰো নির্দেশ দিয়ে। কালি পুৱতি নিশা ২ বাজি ১৭ মিনিটত নামনিমুৱা চাইৰাং নতুন দিল্লী-ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত ৭টা বনৰীয়া হাতীৰ মৃত্যু হয় আৰু এটা গুৰুতৰভাৱে আহত হয়। পাছত এই হাতীটোৰ চিকিৎসাধীন...