October 23, 2025 9:05 PM

views 11

হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিল গাঁৱত বিদ্যুৎপৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনাত জড়িত দুজনক আটক

হোজাই আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী খাৰিখানা বিল গাঁৱত বিদ্যুৎপৃষ্ট হৈ যোৱা নিশা দুটা বনৰীয়া হাতীৰ মৃত্যুৰ ঘটনা সংক্ৰান্তত আৰক্ষীয়ে আজি ৰাজকুমাৰ ৰাজভৰ আৰু অজয় কুমাৰ ৰাজভৰ নামৰ দুজন লোকক আটক কৰে। ধাননি পথাৰত হাতীৰ প্ৰৱেশত বাধা দিয়াৰ বাবে স্থাপন কৰা বিদ্যুতৰ তাঁৰত লাগি হাতী দুটাৰ মৃত্যু হৈছিল। পশ্চিম কাৰ্বি আংলঙৰ এই লোক দুজনে লংকাৰ খাৰিখানা বিলগাঁৱত আনৰ মাটি আধিত লৈ ধানখেতি কৰিছিল। লোক দুজনে খেতি পথাৰত হাতী খেদিবৰ বাবে ব্যৱহাৰ কৰা ঝাটকা মেচিনত বিদ্যুৎ সংযোগ কৰা বুলি আৰক্ষীৰ আগত স্ব...