April 1, 2025 7:31 PM April 1, 2025 7:31 PM
1
ৰাজ্যত আজিৰেপৰা বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ পইচাৰ পৰা এটকালৈকে হ্ৰাস
ৰাজ্যত আজিৰেপৰা বিদ্যুৎ মাচুল প্রতি ইউনিটত ২৫ পইচাৰ পৰা এটকালৈকে হ্ৰাস কৰা হৈছে। ঘৰুৱা গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত এটকাকৈ আৰু উদ্যোগ, কাৰখানা, কৃষি ইত্যাদি বাণিজ্যিক সংযোগ থকা গ্ৰাহকসকলৰ ক্ষেত্ৰত প্ৰতি ইউনিটত ২৫ পইচাকৈ মাচুল হ্ৰাস পাইছে। অৱশ্যে গ্ৰাহকসকলে মে' মাহৰ মাচুলতহে ইয়াৰ প্ৰতিফলন দেখা পাব। অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেড এ পি ডি চি এলে আজিৰেপৰা তিনি তৰপীয়া নিৰিখত বিদ্যুৎ মাচুল সংগ্ৰহ কৰিব। এই অনুসৰি দিনৰ সময়, সন্ধিয়া আৰু নিশা এই তিনিটা ভাগত পৃথক পৃথককৈ বিদ্যুৎ মাচুল সংগ্ৰহ কৰা হ'ব। অ...