March 25, 2025 6:14 PM March 25, 2025 6:14 PM
11
অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ বিদ্যুতৰ নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি
অসম বিদ্যুৎ নিয়ামক আয়োগে অহা ১ এপ্ৰিলৰ পৰা প্ৰযোজ্য হোৱাকৈ বিদ্যুতৰ নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। অসম বিদ্যুৎ বিতৰণ কোম্পানী এ পি ডি চি এল, অসম বিদ্যুৎ গ্রীড কোম্পানী আৰু ৰাজ্যিক ভাৰ বিতৰণ কেন্দ্ৰৰ আবেদনৰ ওপৰত ভিত্তি কৰি এই নতুন নিৰিখ সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰা হয়। আয়োগে সকলো পক্ষৰ মতামত গ্ৰহণৰ পাছত সাধাৰণ গ্ৰাহক আৰু জীৱনধাৰা আঁচনিৰ অধীনৰ গ্ৰাহকৰ বাবে প্রতি ইউনিটত বিদ্যুৎ মাছুল এটকাকৈ হ্ৰাস কৰাৰ নিৰ্দেশ দিছে। আন সকলো গ্ৰাহকৰ বাবে প্ৰতি ইউনিটত ২৫ পইচাকৈ বিদ্যুৎ মাচুল হ্ৰাস কৰাৰ ন...