November 23, 2024 9:03 PM

views 16

আজি ১৩খন ৰাজ্যৰ ৪৬টা বিধানসভা সমষ্টি আৰু দুটা লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ ভোটগণনা

ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ লগতে আজি ১৩খন ৰাজ্যৰ দুটা লোকসভা সমষ্টি আৰু ৪৬টা বিধানসভা সমষ্টিৰ উপ নির্বাচনৰ ভোটগণনা অনুষ্ঠিত হয়। কেৰালাৰ ৱায়ানাড় লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ৱাড্ৰাই তেওঁৰ নিকটতম চি পি আইৰ প্ৰাৰ্থী সত্যম ম'কাৰীক ৪ লাখতকৈ অধিক ভোটত পৰাজিত কৰিছে। কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে দুটাকৈ সমষ্টিত বিজয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত এই আসনখন এৰি দিয়াৰ বাবে সমষ্টিটোত পুনৰ ভোটগ্ৰহণ কৰা হৈছিল। মহাৰাষ্ট্ৰৰ নান্দেড় লোকসভা সমষ্টিত বিজেপি প্রার্থী ড° চান্তুকৰাও মেৰটৰাও হাম্ব...