May 3, 2024 5:51 PM

views 21

লোকসভা নিৰ্বাচনৰ তৃতীয় পর্যায়ৰ প্ৰচাৰ অভিযান তীব্ৰতৰ

তৃতীয় পর্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথোঁ দুটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে। এই পর্যায়ত অহা ৭ মে'ত অসমকে ধৰি দেশৰ ১০ খন ৰাজ্য আৰু এটা কেন্দ্রীয়শাসিত অঞ্চলৰ মুঠ ৯৩ খন আসনৰ বাবে ভোটগ্ৰহণ কৰা হ'ব। পূর্বে এইটো পর্যায়ত মুঠ ৯৪টা সংসদীয় সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰাৰ কথা আছিল যদিও মধ্যপ্ৰদেশৰ বেটুল লোকসভা সমষ্টিৰ ভোটগ্রহণ দ্বিতীয় পৰ্যায়ৰ পৰা তৃতীয় পর্যায়লৈ পিছুৱাই দিয়া হয়। আনহাতে, গুজৰাটৰ ছুৰাট সংসদীয় সমষ্টি...

April 22, 2024 8:31 PM

views 21

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰঙিয়া জিলাত প্ৰস্তুতি সম্পূৰ্ণ

সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰঙিয়া নির্বাচনী জিলাত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ৰঙিয়া নির্বাচনী জিলাৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ ভোট কৰ্মীসকলৰ আজি অন্তিমটো প্রশিক্ষণ সম্পন্ন কৰা হয়। এই প্রশিক্ষণ কাৰ্যসূচীত ৪৭৬ টা ভোটকেন্দ্ৰৰ বাবে প্ৰায় দুহেজাৰ পোলিং আৰু প্রিজাইডিং বিষয়াক প্রশিক্ষণ প্ৰদান কৰা হয়। ৰঙিয়া নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া দেৱাশীষ গোস্বামীয়ে আমাৰ সংবাদদাতাৰ সৈতে হোৱা কথা-বতৰাত ৩৫ শতাংশ ই ভি এম আৰু ভি ভি পেট অতিরিক্তভাৱে সাজু কৰা হৈছে বুলি জানিবলৈ দিছে। লগতে দিব...

April 20, 2024 8:18 PM

views 18

লোকসভা নিৰ্বাচনৰ বাকীকেইটা পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ

লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোটগ্ৰহণৰ অন্তত বাকীকেইটা পৰ্য্যায়ৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। বিভিন্ন ৰাজনৈতিক দলৰ জ্যেষ্ঠ নেতাসকলে দেশৰ ভিন ভিন প্ৰান্তত নিৰ্বাচনী সভা আৰু ৰোডশ্বত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। প্ৰধানমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ চিকবল্লাপুৰ সমষ্টিৰ বিজেপি প্রার্থী সুধাকৰ আৰু জে ডি এছৰ প্ৰাৰ্থী মল্লেশ বাবুৰ হকে চিকবল্লাপুৰত এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰে। এই উপলক্ষে শ্রীমোদীয়ে কয় যে, তেওঁৰ চৰকাৰৰ নীতিসমূহৰ পৰা অনুসূচিত জাতি, অনুসূচ...

April 20, 2024 8:02 PM

views 24

কাইলৈ শিলচৰত অমিত শ্বাহৰ ৰোড শ্ব’

লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে। দ্বিতীয় পৰ্যায়ত ৰাজ্যখনত ৫ টা সমষ্টি- দৰং-ওদালগুৰি, কৰিমগঞ্জ, ডিফু, শিলচৰ আৰু নগাওঁ সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হব। ৰাজনৈতিক দলসমূহে নিজ নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত সমষ্টিসমূহৰ বিভিন্ন স্থানত প্ৰচাৰ অব্যাহত ৰাখিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কাইলৈ সন্ধিয়া শিলচৰত এন ডি এৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলাব। একেদৰে কংগ্ৰেছ দলেও সমষ্টিকেইটাত প্ৰ...

April 17, 2024 7:57 PM

views 20

তৃতীয় পৰ্যায়ত হ’বলগীয়া ৰাজ্যৰ ৪টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল প্রক্রিয়াৰ ক্রমাৎ গতি লাভ

ৰাজ্যৰ তৃতীয় পৰ্যায়ত হ'বলগীয়া ৪টা লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ মনোনয়ন দাখিল প্রক্রিয়াই ক্রমাৎ গতি লাভ কৰিছে। আজি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্রার্থী দ্বীপ বায়নে মনোনয়ন দাখিল কৰে । বৰপেটা বিদ্যাপীঠ খেলপথাৰৰ পৰা শোভাযাত্ৰা কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিং, নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ নেতাৰ উপস্থিতিত শ্রীবায়নে মনোনয়ন দাখিল কৰে। ধুবুৰী লোকসভা সমষ্টিত আজি এ আই ইউ ডি এফ দলৰ মু...