June 4, 2024 6:58 PM June 4, 2024 6:58 PM
21
ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভোটগণনা প্রক্রিয়া পূর্ণগতিত অব্যাহত
অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্রক্রিয়া পূর্ণগতিত অব্যাহত আছে। নির্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ৮খন আসনত আৰু এন ডি এ মিত্ৰজোঁটৰে অগপই বৰপেটা সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩ খন আসনত জয়লাভ কৰিছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক পৰাস্ত কৰে। একেদৰে লখিমপুৰ, শোণিতপুৰ, কাজিৰঙা, শিলচৰ, ডিফু, গুৱাহাটী আৰু দৰং-ওদালগুৰিত জয়লাভেৰে বিজেপি নেতৃত্বাধীন এ...