June 3, 2024 7:50 PM

views 25

ৰাজ্যৰ ১৪টা সমষ্টিত কাইলৈ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয়

ৰাজ্যৰ ১৪টা সমষ্টিত কাইলৈ ১৪৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় হ'ব। তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনত কাজিৰঙা সমষ্টিত বিৰোধী মিত্ৰজোঁটৰ হৈ ৰ'জলিনা তিৰ্কী, বিজেপিৰ হৈ কামাখ্যা প্ৰসাদ তাছাই প্রতিদ্বন্দ্বিতা আগবঢ়াইছিল। যোৰহাট সমষ্টিত বিজেপিৰ হৈ তপন কুমাৰ গগৈ, কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ডিব্ৰুগড় সমষ্টিত সর্বানন্দ সোণোৱাল, লুৰিনজ্যোতি গগৈ, শোণিতপুৰত ৰণজিৎ দত্তই প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। বিজেপিৰ হৈ দৰং-ওদালগুৰিত সাংসদ দিলীপ শ‍ইকীয়া, কৰিমগঞ্জত কৃপানাথ মাল্লা, শিলচৰত পৰিমল শুক্লবৈদ্য, নগাঁৱত সুৰেশ ব...

June 3, 2024 11:03 AM

views 11

লোকসভা নিৰ্বাচনৰ কাইলৈ হ’বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

লোকসভা নিৰ্বাচনৰ কাইলৈ হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কাইলৈ অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ লগতে আন কেইবাটাও বিধানসভা সমষ্টিৰ উপ নির্বাচনৰো ভোটগণনা কৰা হ'ব। পুৱা ৮ বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব। নির্বাচন আয়োগে প্ৰকাশ কৰা মতে, ভোটগণনাৰ সমগ্ৰ প্ৰক্ৰিয়া তথা ফলাফলসমূহ নির্বাচন আয়োগৰ ৱেবচাইট results.eci.gov.inৰ লগতে ভোটাৰ হেল্পলাইন এপত উপলব্ধ হ'ব। জনসাধাৰণে এই ভোটাৰ হেল্পলাইন এপ গুগল প্লে' ষ্ট'ৰ অথবা এপল প্লে' ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিব। আয়োগে লগতে ৰিটা...

May 30, 2024 8:04 PM

views 21

১৪টা সংসদীয় সমষ্টিত হ’বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পৰ্কত কাইলৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াৰ সংবাদমেল

৪ জুনত দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিন। দেশৰ অন্য প্ৰান্তৰ লগতে ৰাজ্যৰ ১৪টা সংসদীয় সমষ্টিতো হ'বলগীয়া ভোটগণনাৰ প্ৰস্তুতি সম্পর্কে কাইলৈ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই এখন সংবাদমেল সম্বোধন কৰিব। ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াগৰাকীয়ে দিছপুৰৰ জনতা ভৱনত চাৰে ১১ বজাত সংবাদমেলখন সম্বোধন কৰিব।