May 15, 2024 6:01 PM

views 23

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত

দেশত পঞ্চম, ষষ্ঠ আৰু সপ্তম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। পঞ্চম পৰ্যায়ত ২০ মে'ত ৪৯টা লোকসভা সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। ২৫ মে'ত ষষ্ঠ পৰ্যায়ত ৫৭টা আৰু ১ জুনত সপ্তম পৰ্যায়ত ৫৭টা লোকসভা সমষ্টিৰ বাবে ভোটগ্রহণ কৰা হ'ব। জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আজি মহাৰাষ্ট্ৰত প্ৰচাৰ চলায়। বিজেপি নেতা অমিত শ্বাহে আজি ওড়িশাত নিজ দলৰ প্ৰাৰ্থীৰ সমৰ্থনত কেইবাখনো নির্বাচনী সমাবেশত ভাগ লয়। দলৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ অধ্যক্ষ ওম বিবলাই আজি ৰাজ্যখনত নিৰ্বাচনী প্ৰচা...