February 18, 2025 11:44 AM
14
জ্ঞানেশ কুমাৰক দেশৰ নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে নিযুক্তি
নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক দেশৰ নতুন মুখ্য নির্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। প্রাক্তন মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ কাৰ্যকালৰ আজি অন্ত পৰিব। ১৯৮৮ চনৰ কেৰালা কেডাৰৰ প্রাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া জ্ঞানেশ কুমাৰে সংসদীয় পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যৰত আছিল। ড° বিৱেক যোশীক নতুন নির্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। ১৯৮৯ চনৰ হাৰিয়ানা কেডাৰৰ শ্ৰীযোশীও এগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়া। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দুয়োগৰাকী আয়ুক্তক নিযুক্তি দিয়ে।