August 16, 2024 8:02 PM August 16, 2024 8:02 PM

views 6

জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে আজি নতুন দিল্লীৰ এখন সংবাদ মেলত জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰে। সেই অনুসৰি জম্মু-কাশ্মীৰৰ বিধানসভাৰ নিৰ্বাচন ১৮ ছেপ্টেম্বৰত, ২৫ ছেপ্টেম্বৰ আৰু পহিলা অক্টোবৰত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব। আনহাতে, হাৰিয়ানাৰ বিধানসভা নিৰ্বাচন পহিলা অক্টোবৰত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব। ৪ অক্টোবৰত দুয়োখন ৰাজ্যৰে ভোট গণনা কৰা হ'ব। নির্বাচনী সূচী ঘোষণা কৰাৰ লগে লগে নির্বাচনী আচৰণ বিধিও প্রযোজ্য হৈছে। মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে সংবাদমেলত কয় যে আয়...