December 28, 2025 10:43 AM

views 229

বিশেষ সংশোধিত খচৰা ভোটাৰ তালিকা অনুসৰি অসমত ১০ লাখ ৫৫ হাজাৰ ১৪০ জন ভোটাৰৰ নাম তালিকাত নতুনকৈ অন্তর্ভুক্ত

ৰাজ্যত কালি প্রকাশিত বিশেষ সংশোধিত খচৰা ভোটাৰ তালিকা অনুসৰি ১০ লাখ ৫৫ হাজাৰ ১৪০ জন ভোটাৰৰ নাম তালিকাত নতুনকৈ অন্তর্ভুক্ত হৈছে। আনহাতে ১০ লাখ ৫৬ হাজাৰ ২৯১জন ভোটাৰৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হৈছে। নির্বাচন আয়োগে প্রকাশ কৰা মতে এই সংশোধনী প্ৰক্ৰিয়াৰ জৰিয়তে ৰাজ্যৰ সৰ্বমুঠ ২ কোটি ৫২ লাখ ২৭৭৫ গৰাকী আৰু ডি-ভোটাৰ ৫৩০ ২১ জন। খচৰা তালিকা অনুসৰি ইতিমধ্যে মৃত্যু হোৱাৰ ৪ লাখ ৭৮৯৯২ জন ভোটদাতাৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে। বাসস্থান সলনি কৰা ৫ লাখ ২৩৬৬০ জন ভোটদাতাক চিনাক্ত কৰাৰ লগতে কেইবাটাও স্থানত নাম...

December 27, 2025 8:40 PM

views 56

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা প্ৰকাশ

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ খচৰা তালিকা আজি প্ৰকাশ কৰা হয়। এই তালিকা সন্দৰ্ভত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ-আপত্তি দাখিল কৰিব পাৰিব। ওজৰ-আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হ'ব। খচৰা তালিকা অনুসৰি ভোটাৰ তালিকাৰ পাৰা ৰাজ্যৰ ৪ লাখ ৭৮ হাজাৰ ৯৯২ জন ভোটদাতাৰ নাম কৰ্তন কৰা হৈছে। বাসস্থান সলনি কৰা ৫ লাখ ২৩ হাজাৰ ৬৬০ জন ভোটদাতাক চিনাক্ত কৰাৰ লগতে কেইবাটা...

December 10, 2025 11:14 AM

views 26

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়নক লৈ উচ্চতম ন্যায়ালয়ৰ নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী

অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ পৰিৱৰ্তে বিশেষ সংশোধনী প্রক্রিয়া ৰূপায়ন কৰাক লৈ উচ্চতম ন্যায়ালয়ে নির্বাচন আয়োগ আৰু ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিছে। এই সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েচনৰ সভাপতি মৃণাল কুমাৰ চৌধুৰীয়ে যোৱা ১ ডিচেম্বৰত ন্যায়ালয়ত দাখিল কৰা লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি কালি ন্যায়ালয়ে এই জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূর্যকান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচিৰে গঠিত খণ্ড বিচাৰপীঠে কালি দেশৰ নিৰ্বাচন আয়োগৰ লগতে অসম চৰকাৰলৈ জাননী জাৰি কৰি এসপ্তাহৰ ভ...

December 7, 2025 11:43 AM

views 38

ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ দ্বিতীয় পৰ্যায়ত ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ

ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত ৫০ কোটি ৯৩ লাখৰো অধিক গণনাপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। বিতৰণ কৰা প্ৰ-পত্ৰৰ সংখ্যা এই পৰ্যায়ত সামৰি ল'বলগীয়া ৫১ কোটি ভোটদাতাৰ প্ৰায় ৯৯.৯৩ শতাংশ। আয়োগে প্রকাশ কৰা মতে বৰ্তমানলৈকে প্ৰায় ৪৯ কোটি প্ৰপত্ৰৰ ডিজিটেল ৰূপ প্ৰদানৰ কাম সম্পূৰ্ণ হৈছে। দেশৰ ৯খন ৰাজ্য আৰু তিনিটা কেন্দ্ৰীয় শাসিত অঞ্চলত ৪ নৱেম্বৰত দ্বিতীয় পৰ্যায় ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধন প্ৰক্ৰিয়াৰ আৰম্ভ হৈছি...

November 23, 2025 11:11 AM

views 76

ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ

ৰাজ্যত কালি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ কাম আৰম্ভ হৈছে। এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বুথ পৰ্যায়ৰ বিষয়াসকলে ২০ ডিচেম্বৰলৈকে ঘৰে ঘৰে গৈ প্ৰতিগৰাকী ভোটাৰৰ তথ্য সংগ্ৰহ কৰিব। ২০২৬ চনৰ ১ জানুৱাৰীত ১৮ বছৰ সম্পূৰ্ণ হোৱা তথা যোগ্য ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে মৃত্যু হোৱা কোনো লোকৰ নাম ভোটাৰ তালিকাৰ থাকিলে কৰ্তনৰ ব্যৱস্থা কৰিব। আনহাতে অসমৰ কোনো লোকৰ নাম বহিঃৰাজ্যৰ ভোটাৰ তালিকাত থাকিলে তেনে লোকৰ নাম অসমৰ ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব। বুথ পৰ্যায়ৰ বিষয়াসকলে কোনো...

March 7, 2025 9:04 PM

views 35

২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ’ব

ৰাজ্যিক নির্বাচন আয়োগে অহা ২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ ৩৬টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিষয়ে ঘোষণা কৰিছে। ৰাজ্যিক নির্বাচন আয়োগে আজি প্ৰকাশ কৰা অধিসূচনা অনুসৰি অহা ১৫ মার্চ হ'ব মনোনয়ন পত্র দাখিলৰ অন্তিম দিন। ১৭ মাৰ্চত মনোনয়ন পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। ১৯ মার্চ মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন। ৪ এপ্ৰিলত ভোটগণনা কৰা হ'ব আৰু সেইদিনাই ফলাফলসমূহ ঘোষণা কৰা হ'ব। ৰাভা-হাচং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মুঠ ৬৩০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হ'ব। নির্বাচন হ'বলগীয়া ৩৬টা সমষ্টিত মু...