June 15, 2024 2:39 PM

views 31

বিধায়ক টেছম পংগতে অৰুণাচল প্ৰদেশৰ অষ্টম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত

চাংলাং উত্তৰ সমষ্টিৰ বিধায়ক টেছম পংগতে আজি অৰুণাচল প্ৰদেশৰ অষ্টম বিধানসভাৰ অধ্যক্ষ হিচাপে বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। বিধানসভাৰ অধ্যক্ষ নির্বাচনেৰে বিশেষ অধিৱেশন আৰম্ভ হয়। তদর্থ অধ্যক্ষ নিনং ইৰিঙে কোনো প্রতিদ্বন্দ্বিয়ে মনোনয়ন পত্র দাখিল নকৰাৰ পৰিপ্ৰেক্ষিতত টেছম পংগতে বিনা প্রতিদ্বন্দ্বিতাৰে অধ্যক্ষ নির্বাচিত হোৱা বুলি ঘোষণা কৰে। অধ্যক্ষৰ আসন গ্ৰহণ কৰি শ্ৰী পংগতেই তেওঁক এই পদৰ বাবে নির্বাচন কৰাৰ বাবে সদনক ধন্যবাদ জনায়। লগতে পদবীৰ মৰ্যাদা আৰু গণতান্ত্ৰিক পৰম্পৰা অক্ষুণ্ণ ৰাখি দায়ি...

April 24, 2024 8:27 PM

views 31

অৰুণাচল প্ৰদেশৰ ৪টা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত পুনৰ ভোটগ্রহণ সম্পন্ন

অৰুণাচল প্ৰদেশৰ চাৰিটা বিধানসভা সমষ্টিৰ আঠটা ভোটগ্রহণ কেন্দ্ৰত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ পুনৰ ভোটগ্রহণ আজি শান্তিপূর্ণভাৱে সম্পন্ন হয়। পুৱা ৬ বজাত আৰম্ভ হোৱা ভোটগ্ৰহণৰ বিয়লি ২ বজাত সামৰণি পৰে। ভোটগ্রহণ সম্পূৰ্ণ হোৱাৰ লগে লগে এই কেন্দ্ৰকেইটাত 17A প্ৰ-পত্ৰ পৰীক্ষা কৰা হয়। এই ভোট কেন্দ্ৰকেইটাত যোৱা ১৯ এপ্ৰিলত বিধানসভা আৰু লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হৈছিল যদিও নির্বাচন আয়োগে পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশ দিয়ে। বামেং আৰু নিয়াপিন বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্রহণ কেন্দ্ৰ, ৰুমগং সমষ্টিৰ দুটা আ...