June 1, 2024 6:09 PM

views 87

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ত বিয়লি ৫ বজালৈকে ৫৮ শতাংশৰো অধিক ভোটদান সম্পন্ন

♦ লোকসভা নিৰ্বাচনৰ সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্রহণ অব্যাহত আছে। আজি পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈ বাতৰি যুগুতোৱাৰ পৰলৈকে ৫৮.৩৪ শতাংশ ভোটদান সম্পন্ন হৈছে। এই পৰ্যায়ত দেশৰ ৭খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টি সামৰি লোৱা হৈছে। এই পৰ্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খনকৈ, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬ খন, হিমাচল প্ৰদেশৰ ৪ খন, ঝাৰখণ্ডৰ তখন আৰু চণ্ডীগড়ৰ এখন সংসদীয় আসনৰ বাবে প্রতিদ্বন্দ্বিতা হৈছে। অন্তিম পর্যায়ত ১০ কোটি ৬০ লাখৰো অধিক ভোটদাতাই ৯০৮ গৰাকী প্ৰাৰ্থ...

May 30, 2024 6:05 PM

views 34

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ সামৰণি

লোকসভা নিৰ্বাচনৰ সপ্তম পৰ্যায়ৰ বাবে প্ৰচাৰ অভিযানৰ আজি অন্তিম দিন। আজি সন্ধিয়া নির্বাচনী প্ৰচাৰৰ অন্ত পৰে। দেশৰ ৭ খন ৰাজ্য আৰু এখন কেন্দ্ৰীয়শাসিত অঞ্চলৰ ৫৭ টা সমষ্টিত এই পৰ্যায়ত পহিলা জুনত ভোটগ্রহণ হ'ব। নির্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱৰ হুছিয়াৰপুৰত নিৰ্বাচনী প্ৰচাৰ চলায়। প্রধানমন্ত্ৰীগৰাকীয়ে হুছিয়াৰপুৰৰ নিৰ্বাচনী সভাত কংগ্ৰেছ দল আই এন ডি আই মিত্রজোঁটে ভোট বেংকৰ ৰাজনীতি কৰি আহিছে বুলি সমালোচনা কৰি কয় যে, বিৰোধী দলটোৱে ৰাজনীতিৰ ব...