April 1, 2024 11:52 AM
20
নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় দৃষ্টিগোচৰৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ অনলাইন এপ্লিকেশ্বন মুকলি
ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনৰ সময়ছোৱাত নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা যিকোনো বিষয় আয়োগৰ দৃষ্টিগোচৰ কৰোৱাৰ উদ্দেশ্যে নাগৰিকসকলৰ বাবে এটা অনলাইন এপ্লিকেশ্বন মুকলি কৰিছে। চি ভিজিল নামৰ এই এপ্লিকেশ্বনটোৰ জৰিয়তে মুক্ত আৰু নিকা নির্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত দেশৰ নাগৰিকসকলে সক্ৰিয় আৰু দায়িত্বশীল ভূমিকা পালন কৰিব পাৰিব। এই সৃষ্টিশীল এপ্লিকেশ্বনটোৰ জৰিয়তে নাগৰিকসকলে নির্বাচনী আচৰণ বিধি ভংগ কৰিব পৰা যিকোনো বিষয় দৃষ্টিগোচৰ হোৱা মাত্ৰেই আয়োগক অৱগত কৰিব পাৰিব। এনেধৰণৰ বিষয় এটা চি ভিজিলৰ জৰিয়তে আয...