October 31, 2025 8:06 PM

views 28

নক্সালবাদ আৰু মাওবাদী কার্যকলাপ নির্মূলৰ বাবে চৰকাৰ দৃঢ় প্রতিজ্ঞ বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে নাগৰিকসকলক একত্রিত হৈ দেশৰ প্ৰগতিৰ বাবে নিজকে উৎসৰ্গা কৰি বিকশিত ভাৰতৰ সপোন পূৰণৰ বাবে আহ্বান জনায়। চৰ্দাৰ বল্লভভাই পেটেলৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে গুজৰাটৰ একতা নগৰত ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে অনুষ্ঠিত বিশাল সমাৱেশত ভাষণ দি প্রধানমন্ত্রীয়ে কয়, যে ২০১৪ চনৰ পৰাই নক্সালবাদ আৰু মাওবাদী কার্যকলাপ নির্মূলৰ বাবে চৰকাৰ দৃঢ় প্রতিজ্ঞ হৈ আছে। ২০১৪ চনৰ আগতে সমগ্র দেশৰ প্ৰায় এশখন জিলা মাওবাদী কার্যকলাপৰ দ্বাৰা প্ৰভাৱিত হৈছিল যদিও আজি সেই সংখ্যা মাত্র এঘাৰখনলৈ হ্রাস পাইছে। তেও...

November 1, 2024 12:44 PM

views 27

ৰাজ্যৰ বিভিন্ন স্থানত ৰাষ্ট্ৰীয় একতা দিৱস পালন

দেশৰ অন্যান্য প্ৰান্তৰ লগতে কালি ৰাজ্যৰ বিভিন্ন স্থানতো ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে ডিব্ৰুগড়ত আয়োজিত ৰাষ্ট্ৰীয় একতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ১০ বছৰে চৰ্দাৰ বল্লভ ভাই পেটেলৰ নীতি আৰু প্ৰমূল্যৰে সমগ্ৰ ৰাষ্ট্ৰক একতাৰ ডোলেৰে বান্ধিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে বুলি শ্ৰীসোণোৱালে প্রকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰত নীতিৰ বিষয়ে উনুকিয়া...