November 26, 2024 7:27 PM

views 13

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেৰ পদত্যাগ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী একনাথ সিন্দেই পদত্যাগ কৰিছে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে সিন্দেক তত্বাৱধায়ক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছে। একনাথ সিন্দেই উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছ আৰু অজিত পাৱাৰৰ সৈতে আজি ৰাজ্যপালক সাক্ষাৎ কৰে। মহাৰাষ্ট্ৰত বৰ্তমান বিধানসভাৰ কাৰ্যকাল আজি সামৰণি পৰিছে। বিজেপি, শিৱসেনাৰ সিন্দে গোট আৰু এন চি পিৰ অজিত পাৱাৰ গোটক লৈ গঠিত মহায়ুটি মৰ্চাই ৰাজ্যখনৰ সদ্যসমাপ্ত বিধানসভা নিৰ্বাচনত ২৮৮ খন আসনৰ ভিতৰত ২৩০ খন আসন লাভ কৰিছে। ১৩২ খন আসন হস্তগত কৰি বিজেপি সর্ববৃহৎ ৰাজনৈতিক দল...