June 15, 2024 9:37 PM

views 13

ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৮জন মাওবাদী নিহত

ছত্তীশগড়ৰ বাস্তাৰ সংমণ্ডলত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত কমেও ৮ জন মাওবাদী নিহত হয়। এই সংঘৰ্ষত বিশেষ কাৰ্যবাহিনীৰ এগৰাকী জোৱান শ্বহীদ হয় আৰু অন্য দুগৰাকী সুৰক্ষাকৰ্মী আহত হয়। বাস্তাৰ সংমণ্ডলৰ অবুঝমাড় এলেকাত কেইজনমান মাওবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত বি এছ এফ, আই টি বি পি, জিলা সংৰক্ষিত বাহিনী আৰু বিশেষ কার্যবাহিনীৰ এটা যৌথ দলে তালাচী চলোৱাৰ সময়ত এই সংঘৰ্ষৰ সূত্রপাত হয়। সংঘৰ্ষস্থলীৰ পৰা দুটা ৰাইফল, এটা বি জি এল লঞ্চাৰ আৰু বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অঞ...