June 7, 2025 9:59 AM

views 26

দেশৰ বিভিন্ন প্ৰান্তত ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগৰ উৎসৱ ঈদ-উজ-জোহা পালন

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ত্যাগৰ উৎসৱ বকৰী ঈদ বা ঈদ-উজ-জোহা দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে। এই উপলক্ষে আজি ঈদগাহ আৰু মছজিদসমূহত সমূহীয়া নামাজ আদায় কৰিব। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত জামা মছজিদ, ফাতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহ ময়দানত ঈদ সমূহীয়া নামাজৰ আয়োজন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্রাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদ-উজ-জোহা পালন কৰা হয়। এই উৎসৱক ঈদ-অল-আধা বা ঈদ-উল-আজহা বুলিও কোৱা হয়। ঈদ-উজ-জোহা উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে দেশৰ ইছলাম ...

June 6, 2025 9:05 PM

views 40

কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদ-উল আজহা

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদ-উল আজহা কাইলৈ পালন কৰা হ'ব। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। কাইলৈ ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ ছাফ চিকুণ কৰি সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে কাইলৈ পুৱা ঈদ নামাজ পঢ়া হ'ব। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ২০০ ৰো অধিক ঈদগাহত প্ৰায় ৪ লাখ লোকে ঈদ সমূহীয়া নামাজ পঢ়িব। ঈদৰ সময়ত কোনো ঠাইতে যাতে অপ্রীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্রশাসনে আজি ঈদ সমিতি আৰু আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয়। গুৱাহ...