June 17, 2024 8:51 PM

views 17

ৰাজ্যত ইছলামধর্মী লোকসকলৰ ঈদ-উজ-জোহা উদযাপন, মুখ্যমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

ৰাজ্যত ইছলামধর্মী লোকসকলে আজি ধৰ্মীয় ৰীতি-নীতিৰে ঈদ-উজ-জোহা উদযাপন কৰিছে। ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ঈদ-উজ-জোহা উপলক্ষে ইছলামধৰ্মী লোকসকলক শুভেচ্ছা জ্ঞাপন কৰি ত্যাগৰ এই উৎসৱে জনসাধাৰণৰ মাজত পাৰস্পৰিক সহানুভূতি, সদিচ্ছা আৰু কৃতজ্ঞতাৰ মনোভাৱ শক্তিশালী কৰি তুলিব বুলি প্ৰকাশ কৰে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো ঈদ উপলক্ষে ইছলামধর্মী লোকসকলক শুভেচ্ছা জনাইছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে গুৱাহাটীতো ঈদৰ উছাহ পৰিলক্ষিত হৈছে। জালুকবাৰী, মাছখোৱা, আ...

June 17, 2024 11:54 AM

views 17

ইছলামধৰ্মী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ-উজ-জোহা

ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উজ-জোহা আজি সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। সমগ্ৰ দেশৰ লগতে অসমতো ঈদৰ উছাহ পৰিলক্ষিত হৈছে। ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। পুৱা সমূহীয়া নামাজৰ ব্যৱস্থা কৰা হৈছে। ৰাজ্যৰ আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাব ভিন্ন প্রান্ততো ঈদ-উজ-জোহা উদযাপন কৰা হৈছে। প্ৰতিকূল বতৰ বাবে ঈদ নামাজ পঢ়াত পলম হোৱাৰ লগতে ঈদগাহৰ পৰিৱৰ্তে মছজিদসমূহত নামাজ অনুষ্ঠিত কৰা হৈছে। পুৰুষৰ সমানে মহিলাসকলেও ঈদৰ নামাজত ভাগ লয়। ঈদ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্...

June 13, 2024 4:46 PM

views 19

ঈদ-উজ-জোহা উপলক্ষে ভাৰতৰ পৰা অভিলেখসংখ্যক ১ লাখ ৭৫ হাজাৰ হজযাত্ৰী মক্কা আৰু মদিনাত উপস্থিত

ঈদ-উজ-জোহা উপলক্ষে এইবাৰ ভাৰতৰ পৰা অভিলেখসংখ্যক ১ লাখ ৭৫ হাজাৰ হজযাত্ৰীযে পৱিত্ৰ মহানগৰ মক্কা আৰু মদিনাত উপস্থিত হৈছে। ভাৰত চৰকাৰে প্ৰদান কৰা ভালেমান নতুন সা-সুবিধাৰ বাবে এইবাৰ যথেষ্ট সংখ্যক লোকে হজ যাত্ৰাত অংশগ্ৰহণ কৰিছে। প্ৰথমে ভাৰতীয় হজ কমিটীৰ অধীনত যাত্ৰা কৰা প্ৰায় ৯৫ শতাংশ অর্থাৎ ১ লাখ ৪০ হাজাৰতকৈ অধিক হজ যাত্ৰীক মদিনাৰ মাৰ্কাজিয়া অঞ্চলৰ হোটেলসমূহত থকাৰ ব্যৱস্থা কৰা হয়। ভাৰতীয় হজ কমিটীৰ অধীনত যোৱা সকলো যাত্রীকে মিনাৰ পৰম্পৰাগত সীমাৰ ভিতৰত ৰখাৰ লগতে তেওঁলোকক সুষম খাদ্য প্ৰদান কৰাৰ ব্যৱস...