June 17, 2024 9:18 PM June 17, 2024 9:18 PM

views 11

দেশত ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা উদযাপন; ৰাষ্ট্ৰপতি-উপৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ইছলামধৰ্মী লোকসকলৰ পৱিত্ৰ উৎসৱ ঈদ-উল-আজহা আজি সম্পূর্ণ ধৰ্মীয় ৰীতি-নীতিৰে উদযাপন কৰা হৈছে। সমগ্ৰ দেশতে ঈদ উপলক্ষে মছজিদ আৰু ঈদগাহসমূহ সজাই-পৰাই তোলা হৈছে। পুৱাৰ ভাগতে মছজিদ আৰু ঈদগাহসমূহত নামাজ পঢ়াৰ লগতে ইজনে সিজনক ঈদ শুভেচ্ছা জ্ঞাপন কৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জামা মছজিদ, ফতেহপুৰ মছজিদ আৰু শ্বাহী ঈদগাহত ঈদৰ মূল কাৰ্যসূচী উদযাপন কৰা হয়। উল্লেখযোগ্য যে ঈশ্বৰৰ নিৰ্দেশ মানি হজৰত ইব্রাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়াৰ স্মৃতিত এই উৎসৱ পালন কৰা হয়। ঈদ উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী ম...