June 7, 2025 6:24 PM June 7, 2025 6:24 PM

views 17

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পবিত্ৰ ঈদ-উজ্-জোহা পালন

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে উৎসাহ-উদ্দীপনাৰে পবিত্ৰ ঈদ-উজ্-জোহা পালন কৰে। এই উৎসৱক ঈদ-অল-আধা বা ঈদ-উল-আজহা বুলিও কোৱা হয়। ঈদগাহসমূহত আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে সমবেত হৈ ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে ঈদ নামাজত অংশগ্ৰহণ কৰে৷ চিৰাং জিলাৰ ঢালিগাঁও বৰতালোৱা ঈদগাহ ময়দান, বিজনী জুমা মছজিদ, পালে বাৰী, আলুখুন্দা, বাগৰগাওঁ আদি অঞ্চলৰ বিভিন্ন ঈদগাহ ময়দান আৰু মছজিদ প্ৰাংগনত ভালেসংখ্যক লোকে ঈদ নামাজত অংশগ্ৰহণ কৰে। বৰপেটাতো আজি ইছলাম ধৰ্মাৱলম্বি লোকসকলে ঈদ-উজ্‌-জোহ...

June 6, 2025 9:05 PM June 6, 2025 9:05 PM

views 16

কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদ-উল আজহা

ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্র ঈদ-উল আজহা কাইলৈ পালন কৰা হ'ব। এই উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। কাইলৈ ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ ছাফ চিকুণ কৰি সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে কাইলৈ পুৱা ঈদ নামাজ পঢ়া হ'ব। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ২০০ ৰো অধিক ঈদগাহত প্ৰায় ৪ লাখ লোকে ঈদ সমূহীয়া নামাজ পঢ়িব। ঈদৰ সময়ত কোনো ঠাইতে যাতে অপ্রীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্রশাসনে আজি ঈদ সমিতি আৰু আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয়। গুৱাহ...

June 13, 2024 4:46 PM June 13, 2024 4:46 PM

views 11

ঈদ-উজ-জোহা উপলক্ষে ভাৰতৰ পৰা অভিলেখসংখ্যক ১ লাখ ৭৫ হাজাৰ হজযাত্ৰী মক্কা আৰু মদিনাত উপস্থিত

ঈদ-উজ-জোহা উপলক্ষে এইবাৰ ভাৰতৰ পৰা অভিলেখসংখ্যক ১ লাখ ৭৫ হাজাৰ হজযাত্ৰীযে পৱিত্ৰ মহানগৰ মক্কা আৰু মদিনাত উপস্থিত হৈছে। ভাৰত চৰকাৰে প্ৰদান কৰা ভালেমান নতুন সা-সুবিধাৰ বাবে এইবাৰ যথেষ্ট সংখ্যক লোকে হজ যাত্ৰাত অংশগ্ৰহণ কৰিছে। প্ৰথমে ভাৰতীয় হজ কমিটীৰ অধীনত যাত্ৰা কৰা প্ৰায় ৯৫ শতাংশ অর্থাৎ ১ লাখ ৪০ হাজাৰতকৈ অধিক হজ যাত্ৰীক মদিনাৰ মাৰ্কাজিয়া অঞ্চলৰ হোটেলসমূহত থকাৰ ব্যৱস্থা কৰা হয়। ভাৰতীয় হজ কমিটীৰ অধীনত যোৱা সকলো যাত্রীকে মিনাৰ পৰম্পৰাগত সীমাৰ ভিতৰত ৰখাৰ লগতে তেওঁলোকক সুষম খাদ্য প্ৰদান কৰাৰ ব্যৱস...