October 19, 2024 7:06 PM

views 11

ভাৰত-মেক্সিকোৰ মাজত বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সম্ভাৱনা আছেঃ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কৈছে যে ভাৰত আৰু মেক্সিকোৰ মাজত বিভিন্ন ক্ষেত্ৰত ব্যাপক সহযোগিতাৰ সম্ভাৱনা আছে। ভাৰত-মেক্সিকো বাণিজ্য আৰু বিনিয়োগ সন্মিলনত তেওঁ কয় যে বিশেষকৈ ঔষধ উৎপাদন আৰু অট’মটিভ ক্ষেত্ৰত ভাৰতৰ যথেষ্ট সম্ভাৱনা আছে। শ্ৰীমতী সীতাৰমনে কয় যে ভাৰতে ডিজিটেল অৰ্থব্যৱস্থাৰ ক্ষেত্ৰত গোলকীয় স্তৰত বিশেষ পাৰদৰ্শিতা দেখুৱাই আছে তথা ফিনটেক আৰু ডিজিটেল পেমেণ্টৰ ক্ষেত্ৰত উদ্ভাৱনৰ বাবে ভাৰত আৰু মেক্সিকোৰ মাজত বিনিয়োগে বৃহৎ সুযোগ প্রদান কৰিব। শ্রীমতী সীতাৰমনে মেক্সিকোৰ বিত্ত সচিবকো সাক্ষাৎ কৰ...