August 22, 2025 8:06 PM

views 17

শিলচৰত কন্যা শিশুৰ শিক্ষা আৰু সৱলীকৰণৰ উদ্দেশ্যে শৈক্ষিক ভ্ৰমণৰ আয়োজন

কাছাৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি প্রতিষ্ঠান শিলচৰত কন্যা শিশুৰ শিক্ষা আৰু সৱলীকৰণৰ উদ্দেশ্যে শৈক্ষিক ভ্ৰমণৰ আয়োজন কৰা হয়। বেটী বচাও, বেটী পঢ়াও কাৰ্যসূচীৰ অধীনত অনুষ্ঠিত এই এক্সপোজাৰ ট্যুৰত শিলচৰৰ চাৰিখন বিদ্যলায়ৰ মুঠ ৩৫ গৰকী ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। জিলা আয়ুক্ত মৃদুল যাদবে পতাকা জোকাৰি এই কাৰ্যসূচী মুকলি কৰে। তেওঁ কয়, যে শিক্ষাৰ জৰিয়তে কন্যা শিশুৰ সৱলীকৰণ কৰাটো কেৱল নীতিয়ে নহয়, বৰং ই সামাজিক দায়বদ্ধতাও। শৈক্ষিক ভ্ৰমণত অংশগ্ৰহণ কৰা ছাত্ৰীসকলে নীট শিলচৰৰ গৱেষণা কেন্দ্ৰ...