June 24, 2025 12:39 PM

views 28

স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল সোমবাৰে ঘোষণা

■ ৰাজ্যৰ হাইস্কুলসমূহত স্নাতক শিক্ষক নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা টেট পৰীক্ষাৰ ফলাফল কালি ঘোষণা কৰা হয়। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রতিটো বিষয়ৰ পৰীক্ষাৰ কাট অফ মার্কো কালি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে এই পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকল নথি পৰীক্ষণৰ বাবে সংশ্লিষ্ট মণ্ডলসমূহত উপস্থিত হ'ব লাগিব। প্রার্থীসকলক মার্কশিটৰ লগতে নথি পৰীক্ষণৰ এডমিট কার্ডো প্ৰদান কৰা হৈছে।

April 5, 2025 9:16 PM

views 28

বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত হ’ব খোজা শিক্ষার্থীৰ বাবে প্রমাণিকৃত সমতূল্য পৰিকাথামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ ইউ জি চিৰ

বিশ্ববিদ্যালয় অনুদান আয়োগ ইউ জি চিয়ে বিদেশত শিক্ষা সম্পূৰ্ণ কৰা আৰু ভাৰতৰ উচ্চ শিক্ষা ব্যৱস্থা অথবা কর্মশক্তিৰ সৈতে সংযুক্ত হ'ব খোজা শিক্ষার্থীসকলৰ বাবে এটা প্রমাণিকৃত সমতূল্য পৰিকাথামো গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে এখন জাননীযোগে বিদ্যালয় আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ পৰা লাভ কৰা বিদেশী যোগ্যতা চিনাক্তকৰণৰ বাবে স্বচ্ছ প্রযুক্তি আধাৰিত ব্যৱস্থা বিকশাই তোলা হৈছে বুলি প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ মমিদালা জগদীশ কুমাৰে কৈছে যে, ৰাষ্ট্ৰীয় শিক্ষ...

April 2, 2025 9:02 PM

views 23

দেশত ৭২৮ খন একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে দেশত ৭২৮ খন একলব্য আদর্শ আৱাসিক বিদ্যালয় স্থাপনৰ লক্ষ্য স্থিৰ কৰিছে। এই বিদ্যালয়সমূহৰ পৰা অনুসূচিত জনজাতি সম্প্ৰদায়ৰ প্ৰায় চাৰে তিনি লাখ শিক্ষার্থী উপকৃত হ'ব বুলি অনুমান কৰা হৈছে। বৰ্তমানলৈকে ৭২১খন বিদালয়ত অনুমোদন জনোৱা হৈছে আৰু ইয়াৰে ভিতৰত ৪৭৭খন বিদ্যালয় কার্যক্ষম হৈ উঠিছে। ৰাজ্যসভাত আজি এটা লিখিত উত্তৰত জনজাতীয় পৰিক্ৰমা ৰাজ্যমন্ত্ৰীয়ে দুৰ্গা দাস উইকে এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে জনজাতীয় সম্প্ৰদায়ৰ শিশুসকলক নিজা পৰিবেশত শিক্ষা প্ৰদানৰ উদ্দেশ্যে ২০১৮-১৯ বৰ্ষত কেন্দ্...

December 24, 2024 1:35 PM

views 24

পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কেন্দ্ৰীয় চৰকাৰৰ

কেন্দ্ৰীয় চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বাৰ্ষিক পৰীক্ষাত অনুত্তীর্ণ শিক্ষাৰ্থীসকলক পৰৱৰ্তী শ্ৰেণীত অধ্যয়নৰ সুযোগ দিয়াৰ পূৰ্বৰ বিশেষ নীতি বাতিল কৰিছে। এতিয়াৰেপৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ পৰীক্ষাত নিৰ্ধাৰিত নম্বৰ লাভ কৰিবলৈ সমৰ্থ নোহোৱা ছাত্ৰ-ছাত্ৰীক অনুত্তীৰ্ণ ঘোষণা কৰা হ'ব। অৱশ্যে অনুত্তীর্ণ ছাত্র-ছাত্রীসকলে দুমাহৰ ভিতৰত পুনৰ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰে পুৰণি ব্যৱস্থা ঘূৰাই আনি নতুন শিক্ষানীতিৰ আধাৰত এই সন্দৰ্ভত কালি এখন অধিসূচনা জাৰি কৰিছে। পৰীক্ষাত উত্তীৰ্...

December 5, 2024 8:53 PM

views 42

স্নাতক আৰু স্নাতকোত্তৰ বিষয় শিক্ষক পদৰ বাবে অহা ২৯ ডিচেম্বৰত নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব

স্নাতক আৰু স্নাতকোত্তৰ বিষয় শিক্ষক পদৰ বাবে অহা ২৯ ডিচেম্বৰত টেট তথা নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব। ৰাজ্য চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে আজি এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আবেদনকাৰীসকলে ১৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা প্ৰৱেশ পত্ৰ ডাউনল'ড কৰিব পাৰিব। প্ৰাৰ্থীসকলে পৰীক্ষাৰ দিনা প্ৰৱেশ পত্ৰৰ লগতে আধাৰ কাৰ্ড, পান কার্ড, গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ, ভোটাৰ কাৰ্ডকে ধৰি যিকোনো ফটোযুক্ত পৰিচয় পত্ৰ দেখুৱাব লাগিব। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৮,২৩০টা স্নাতক ...