August 6, 2025 1:32 PM

views 17

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত সংঘটিত প্রায় ১০৫ কোটি টকাৰ অনিয়মৰ মূল অভিযুক্ত শেৱালি দেৱী শৰ্মাৰ বাসগৃহত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ অভিযান

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ(SCERT)ত সংঘটিত প্রায় ১০৫ কোটি টকাৰ অনিয়মৰ মূল অভিযুক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া শেৱালি দেৱী শৰ্মাৰ বাসগৃহত কালি বিধি বলৱৎকাৰী সঞ্চালকালয়ে অভিযান চলায়। সঞ্চালকালয়ৰ দলে এই গোচৰৰ আন কেইবাগৰাকীও অভিযুক্তৰ বাসস্থানকে ধৰি মুঠ ৮ টা স্থানত অভিযান চলায়। উল্লেখযোগ্য যে শেৱালি দেৱী শৰ্মা SCERT-ৰ ভাৰপ্ৰাপ্ত সঞ্চালক হৈ থকাৰ সময়ত ২০১৭ৰ পৰা ২০২০ চনৰ ভিতৰত বিভিন্ন আঁচনিৰ নামত ১০৫ কোটিৰো অধিক টকা আত্মসাৎ হোৱাৰ অভিযোগৰ গোচৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে...